Wednesday, December 25, 2019

ট্ৰান্স চাইবেৰিয়ান যাত্ৰা


ল'নলী প্লেনেটৰ সেই কিতাপখন কেতিয়াও পঢ়া নাছিলোঁ। কেতিয়াও সাহস হোৱা নাছিল, এখন শক্তিহীন পাছপৰ্ট লৈ এনেকুৱা যাত্ৰা সফল হ'ব পাৰে বুলি। পিছে এজন যাযাবৰ যাত্ৰীৰ বাবে এয়াই তিৰ্থ। প্ৰায়ে ৩ বছৰ মান খুব গৱেষণা কৰি ঠাইবোৰৰ আও ভাও লৈ, বতৰৰ অনুমান লৈ, চাইনা আৰু ৰাছিয়াৰ ভিজা সংগ্ৰহ কৰি, মই ঢাপলি মেলিলো ৰাছিয়াৰ মস্ক'ৰ পৰা চাইনাৰ বেইজিং চহৰলৈ তিনিখন দেশৰ সীমা নেওচি  এই দুৰ্গম (কাৰণ দুইখনে কমিউনিষ্ট দেশ আৰু কোনো দেশৰ নাগৰিকে ইংৰাজী ভাষাৰ ব্যৱহাৰ নাজানে) মহাযাত্ৰা কৰিবলৈ বুলি। ইউৰোপৰ ডেকাবোৰে  স্নাতক কৰা পিছত প্ৰায়ে এনে ধৰনৰ যাত্ৰা কৰে, মূল কথা তেখেত সকলে বিভিন্ন প্ৰান্তৰ বিভিন্ন সভ্যতাৰ জ্ঞান লবলৈয়ে যাত্ৰা কৰে, কিন্তু ভাৰতীয় নাই বুলিয়ে কব পাৰি (সাংস্কৃতিক আৰু আৰ্থিক বাধাগ্ৰস্ত) । ট্ৰাঞ্চ-চাইবেৰীয়ান যাত্ৰা বুলি কলে( যি বাটে পথেৰে অতিক্ৰম কৰা হয়, বিমান যোগে নহয়)। মোৰ যাত্ৰা আৰম্ভ হ'ল ১২ ছেপ্তেম্বৰত ২০১৮ ডহাৰ হামাড আন্তৰাষ্ট্ৰীয় বীমান বন্দৰৰ পৰা মস্ক'ৰ ডমেডেড'ভ' এয়াৰপৰ্টলৈ। অৱতীৰ্ন হয়ে যাত্ৰা কৰিলো এৰ' এক্সপ্ৰেছ মেত্ৰ'ত, যি চহৰৰ পাভেলেটস্কী ষ্টেচন লৈ সংযোজিত, এফালৰ যাত্ৰা প্ৰায়ে ৫০০ টকাৰ। পাভেলেটস্কীত অলপ খলাবমা লাগিছিলে যদিও শুধা পুছা কৰি (তাত ইংৰাজী প্ৰায়ে নাজানেই, গুগল অনুবাদকৰ ব্যৱসহাৰ কৰি কেইজনমান সৎ লোকেহে সহায় কৰে) সাধাৰণ মেত্ৰ' ব্যৱহাৰ কৰি বিখ্যাত ৰেড স্কুয়েৰ, ক্ৰেমলীন পালোহি। মস্ক'ৰ মেত্ৰবোৰ আকৌ বহু তলত, প্ৰায়ে ১০০ মিটাৰমান দ। গন্তব্য স্থানত অৱতীৰ্ণ হৈ আকে পাকে কোনোবা ফালেদি ওলালো গৈ ছেইণ্ট বাচিলচ কেথেড্ৰেল, বতৰ অলপ ডাৱৰীয়া আছিলে, ডাৱৰীয়া বতৰত আকৌ ফটোবোৰ ভাল নেদেখি, অলপ সময় চেইন্ট বাচিল কেথেড্ৰেলত কতাই, তাৰ পৰা খোজ কাঢ়ি প্ৰায়ে ২-৩ কিলোমিটাৰ দূৰৈত থকা গৰ্কী বাগিছালৈ গ'লো। খোজ কাঢ়ি যাত্ৰা কৰিলে জনসাধাৰণৰ দৈনন্দিন কাৰ্যসূচীবোৰ লক্ষ্য কৰিবলৈ ভাল,যেনে তাত ট্ৰাম, বিজুলীত চলা বাছ চলে আৰু লগতে কেনেধৰনৰ দোকান পোহাৰ। গৰ্কী বাগিচাখন আকৌ বহুত বিশাল, নিতৌ সন্ধিয়া তাত কিবা নাই কিবা কাৰ্যসূচী চলিয়েই থাকে, তাত থকা গেৰেজ কেফেত বহি প্ৰথম আহাৰ খালো মস্ক'ত, প্ৰথমতে অলপ খোকোজা লাগিছিল কাৰণ কোনো কৰ্মচাৰীয়ে ইংৰাজী নাজানিছিলে, সেই বাবে খাদ্যৰ তালিকাত আঙুলিয়াই দিয়ে অনুৰুধ কৰিলো। গৰ্কী বাগিচাৰ নিৰিবিলিত ১ ঘন্টামান বাগিচাখন উপভোগ কৰি আকৌ উভতি আহিলো ৰেড স্কুয়েৰলৈ তাতে ২ ঘন্টামান বহি, মস্ক' নদীখনৰ (এই নদীখন মস্ক' বুকুয়েদি পাৰ হয় আৰু ৰেড স্কুয়েৰ এই নদীৰে এটা কিনাৰতে অৱস্থিত) শীতল বতাহত দুই তোপালমান বৰষুণৰো আনন্দ ললো। সন্ধিয়া ৫ বজা মানত আকৌ এয়াৰপৰ্টৰ বিমুখে যাত্ৰা কৰিলো, ৰাতিৰ ১০ বজাত চাইবেৰিয়ানৰ বিমান লৈ পূৰ্ব চাইবেৰিয়াৰ ইৰকুটস্ক চহৰলৈ যি এছিয়া মহাদ্বীপত পৰে। এই যাত্ৰাটো দৰাচলতে ট্ৰেইনেৰে কৰিলে ভালকৈ ইকাটিৰেনাবাৰ্গ, অমস্ক, ন'ভ'চিভিৰ্ক্স চহৰো অনুভৱ কৰিব পাৰি, কিন্তু সময়ৰ টনাটনিত বিমানৰ ব্যৱহাৰ কৰিলো, ৫ঃ৩০ ঘন্টা এই যাত্ৰা পুৱা ৮ঃ০০ বজাত ইৰকুটস্কৰ বিমান বন্দৰত অৱতীৰ্ণ হ'লো।  শৰৎকালৰ সময় কিন্তু - ১ ডিগ্ৰী আৰু বৰফেৰে স্ৱাগতম জনালে ইৰকুটস্ক চহৰে, মই হতবাক কাৰন মোৰ জ্ঞানত ২ দিন আগতে বতৰ ১০ ডিগ্ৰী মান আছিলে। এই বতৰৰ বাবে সাজু নাছিলো, তথাপিও কপি কপি এয়াৰপৰ্টৰ বাহিৰলৈ ওলাই আহিলো, বাছত ১৫টকা মানতে চহৰলৈ যাব পাৰিলো হয়, কিন্তু - ১ ডিগ্ৰীৰ বাবে ৰবলৈ সাহস নহ'ল,তাতে এজন বৃদ্ধ টেক্সীচালকে কলে চহৰলৈ ৫০০ টকা, সেই টেক্সী লৈ মংগোলীয় দূতাবাসলৈ ৰাৱানা হ'লো, উদেশ্য মংগোলীয়ৰ ভিজা, কাৰন কাটাৰত মংগোলীয়ৰ দূতাবাস নাই, আৰু সীমাৰ কাষতে থকা দূতাবাসত ভিজা পোৱা সহজ। চাইবেৰিয়াৰ সেই ঠান্ডাত ৯ঃ০০ বজাত গৈ উপস্থিত হ'লো দূতাবাসত কিন্তু আৰু ৩০ মিনিটৰ পিছতে দূতাবাস খুলিব বুলি গম পালো। শীতলময় বতৰত আকৌ খোজ কাঢ়ি মই মোৰ আৱাস ৰলিং ষ্টন হোষ্টেললৈ আহিলো, নিজকে অলপ পৰিস্কাৰ কৰি (মনত ৰাখিব মই প্ৰথম দিনা মস্ক' স্নান কৰা নাছিলো) আকৌ দূতাবাসলৈ গ'লো, তাত নথি পত্ৰ জমা দি ইৰকুটস্ক চহৰৰ অলপ খোজেৰে ভ্ৰমণ কৰিলো, তাতো ট্ৰাম, বিজুলীত চলা বাছ চলে, চাইবেৰীয়াৰ খ্যাত বাঘ 'বৰ্ব্বৰ' যি প্ৰায়ে লুপ্ত হৈ পৰিছে, এই চহৰৰ প্ৰতিক হয়। সন্ধিয়া ভিজা সহ পাছপৰ্টৰ সংগ্ৰহ কৰিলো। তৃতীয় দিনা বতৰ কিছু ফৰকাল হ'ল, আৰু মই মোৰ সূচী মতে খ্যাত বাইকল জলাশয়ৰ কাষতে অৱস্থিত লিষ্টভিয়াঙ্কা নগৰলৈ ৮ঃ০০ বজাত বাছ লৈ ৰাওনা হ'লো। প্ৰায়ে ২ ঘন্টাৰ অন্তৰত মই লিষ্টভিয়াঙ্কাৰ আৰাম্ভনিতে থকা বাছ স্থানত নামি দিলো, আৰু খোজ কাঢ়ি বগালো চেৰক্সী পাথৰটো। চেৰক্সী পাহাৰৰ পৰা বাইকলখন খুব ভালকৈ উপভোগ কৰিব পাৰি। বাইকলৰ সিপাৰে পাহাৰবোৰ বৰফৰে ঢাকি পৰিব লৈছে, এয়াই চাইবেৰিয়াৰ শৰৎ কাল। বাইকল জলাশয় এখন সাগৰ বুলি কলেও বেয়া নহয়, তাত সাগৰীয় জীৱও পোৱা যায়, আৰু এইখন ইমান বিশাল যে পৃথিৱীৰ ২০% মিঠা পানী ইয়াতেই আছে। এই বিশাল জলাশয় শীতৰ কালত বৰফৰ লেপেৰে ঢাকি পৰে, তেতিয়া তাৰ ওপৰদিও আহ যাহ, আনকি গাড়ীও চলে। দিনটো এই লিষ্টভিয়াঙ্কা আৰু আংগাৰা নদীৰ মুখৰ (বাইকল জলাশয়ৰ এখন নদী) সিপাৰে থকা পৰ্ট বাইকলত গাওঁত কটালো। সন্ধিয়া বাছ ধৰি আকৌ আহিলো ইৰকুটস্কলৈ। চতুৰ্থ দিনা পুৱাৰ ৮ঃ২০ বজাত পৃথিৱীৰ দীৰ্ঘতম ট্ৰেইন নং-০০২ মস্ক'- ভ্লাডিভ'স্ত'ক (প্ৰায় ১০০০০ কিলোমিটাৰ, ১২০ খন নগৰ, চহৰত ৰখে) ব্যৱহাৰ কৰি ইৰকুটস্কৰ পৰা উলান উদেলৈ আহিলো। উলান উদে হৈছে বুৰিয়াত ৰাজ্যৰ চহৰ আৰু ৰাছিয়াত বৌদ্ধ ধৰ্মৰ দ্বাৰ, আৰু তাত এটা পাহাৰৰ দাঁতিত অৱস্থিত আছ দাষ্টান ৰিনপ'চে বৌদ্ধ মঠ। তাতে লেনিনৰ বিশাল চিৰ মূৰ্তি আছে, চহৰখন মোৰ পৰিস্কাৰ আৰু ব্যৱস্থিত লাগিলে, মানুহবোৰ শ্বেত আৰু বহুতো মংগোলীয়া বৰ্ণৰ। উলান উদেৰ সূচী মোৰ এদিনৰে আছিলে। পঞ্চম দিনাৰ পুৱা ৭ঃ০০ বজাত মোৰ বাছ আছিলে মংগোলীয়াৰ ৰাজধানী উলান-বাটৰলৈ, আৰু এই যাত্ৰাৰ বাবে বাছত প্ৰায় ২০০০ টকা লয় আৰু সন্ধিয়া ৮ঃ০০ মানত উলান বাটৰ পোৱাই। বাছৰে দেশৰ সীমা পাৰ কৰাও এটা বেলেগ অনুভৱ আকৌ, কাৰন দুবাৰ মান ৰখি ইমিগ্ৰেচন পাৰ কৰিব লাগে। ৰাছিয়াৰ সীমাত খ্যাগ্ট আৰু মংগোলীয়াৰ সীমাত অাল্তানবুলাগত। সন্ধিয়া উলান বাটৰ বাছ স্থানত নামি এটা সুন্দৰ দৃশ্যৰ, যাত্ৰীসকলক নিবলৈ আৱাসবোৰে গাড়ী পঠাই দিয়াৰ, ১৩ ঘন্টাৰ বাছ যাত্ৰাৰ পিছত আকৌ বাহন ধৰি উলান-বাটৰৰ সেই সন্ধ্যাৰ ভীড়ত অকলে উলাবৰ মানসিক শক্তি নাছিলে। গ'ল্ডেন গবি হোষ্টলত মোৰ বাবে ৰৈ আছিলে নেডাৰলেণ্ডৰ ভাইটি এন্জ' আৰু ভিয়েটনামৰ বান্ধবী মাই। সাক্ষ্যাত কৰি একেলগে ৰাতিৰ ভোজনৰ বাবে কৰীয়ান ভোজনালয় এখনত আহাৰ খালো। ষষ্ঠী দিনা বান্ধবী মাইয়ে ঠিক কৰা এটা যাত্ৰাৰ( তেৰেল্জ ৰাষ্ট্ৰীয় উদ্যান আৰু চেংগীজ খানৰ বিশাল মূৰ্তিৰ) বাবে, সেই ৰাতি ১২ বজাত ভিয়েটনামৰ আন এজনী বান্ধবী ফিবিও আহি উলাল। বহুত চৰ্চা কৰা হ'ল বুৰঞ্জীত মংগোলীয়া কিমান শক্তিশালী আছিল, আৰু মস্ক' হৈছে 'মস্কৱা' যি মংগোলীয়াৰ ভাষাত তেৰা বেকা, আৰু মস্ক' নদীখনক দৰ্শাই। সপ্তম দিনা আমাৰ চিনাকি হ'ল গাইড উকা, এগৰাকী স্বাধীন পৰিশ্ৰমী মহিলা আৰু ড্ৰাইভাৰ বিলগে, যাৰ গবিৰ বাট পথ নথকা দিশহীন মৰুভূমিত গাড়ী চলোৱা ২০ বছৰৰ অভিজ্ঞতা, লগত  লিচবেথ, বেলজিয়ামৰ আৰু মেৰ্ছিডিজ উৰুগুৱেৰ পৰা, আৰু আমি ৮ জন গাইড আৰু ড্ৰাইভাৰ সহ ওলালো ৫ দিনিয়া গবি মৰুভূমিৰ যাত্ৰা সূচী লৈ। গবি হৈছে শীতল মৰুভূমি, কবলৈ গ'লে এলপাইন মৰুভূমি, যি বালিৰ নহয়, পাথৰ আৰু সৰু সৰু ক্ষুপৰে গথিত, বালিময় পৰিবেশ কেৱল বায়ান সংগৰ জীলাত সংগৰ মৰুভুমিতহে, তাতে পোৱা যায় দুই কুঁজ থকা উত্ । গবি মৰুভূমিত ৰাতিৰ সময়ত ঠান্ডা প্ৰায়ে ০ ডিগ্ৰী বা তললৈ যাব পাৰে। আৰু গছ গছনি নোহোৱাৰ বাবে প্ৰায়ে বতাহ বলে, সেই পৰিস্থিতিত বাহিৰত থকাটো আৰু কঠিন হৈ পৰে। আমি ৪ ৰাতি তাৰ সংস্কৃতিক গেৰ তম্বুতে কতালো, কেতিয়াবা গা ধোৱাৰ সুবিধা থাকে, কেতিয়াবা নাথাকে, শৌচালয়বোৰো কেঁচা। প্ৰায় সকলো সময়ৰ আহাৰ তৈয়াৰ কৰে আমাৰ গাইড উকায়ে, আৰু খোৱা হয় এই গেৰ তম্বুতে নহ'লে নিল আকাশৰ তলতে। এই প্ৰকৃতিৰ কাষ চাপি কটোৱা সময়বোৰ বৰ নষ্টালজিক।মংগোলীয়াৰ জনসংখ্যা ৩০ লাখ, তাৰে ১৫ লাখ উলান বাটৰতে থাকে, সেই বাবে গাঁৱে ভূঞে কেৱল ১০০ৰ পৰা ২০০০লৈকেহে মানুহ দেখা পাব, এইটো দৃশ্যও আমাৰ বাবে বিৰল, ভৰতখনটো মূৰ্গীৰ গৰালৰ দৰে ভীড়। আমি ভাৰতীয়ই নিজৰ জীৱন পুঞ্জী এদোখৰ মাটী বা এটা ঘৰ কিনোতে লগাই দিওঁ, কিন্তু মংগোলীয়াত তম্বুতে থাকিও দৃষ্টিৰে দেখিব পৰা দুৰ দুৰণিলৈকে প্ৰতিবেশী নাপায়। এই যাত্ৰাৰ প্ৰতি দিনৰ খৰচ আছিলে প্ৰায় ৩০০০ টকা প্ৰতিজনৰ, খুব আনন্দ আৰু ফুৰ্তিৰে কেনেকৈ ৫ দিন অতিক্ৰম কৰিলো গমেই নাপালো। আৰু বিভিন্ন দেশৰ বন্ধু-বান্ধৱী সকলৰ লগত নিজৰ সাংস্কৃতি কথোপকথনবোৰ কেতিয়াও শেষ নহ'ব যেন হৈ পৰিছিলে। তথাপিও বিদায় নিশ্চিত আছিলে, মোৰ যাত্ৰা ২৩ ছেপ্টেম্বৰৰ সন্ধিয়া মংগোলীয়া-চাইনা সীমান্তৰ চহৰ জামীন উডলৈ আছিলে, দিনৰ ভাগতে উলান-বাটৰ চহৰখন ফুৰিলো আৰু কাষতে থকা জেইচন পাহৰলৈ গৈ অলপ মংগোলীয়াৰ বুৰঞ্জীৰ বিষয়ে জ্ঞান লাভ কৰিলো, যেনে উলান-বাটৰ মানে হৈছে ৰঙা-বীৰ, ৰাছিয়াক সমৰ্পিত, কাৰন ৰাছিয়াই মংগোলীয়াক চাইনাৰ অধিপত্যৰ বিৰুদ্ধে সহায় কৰিছিলে। সন্ধিয়া উলান-বাটৰ ট্ৰেইন ষ্টেচনলৈ ঢাপলি মেলিলে, নিচেই সৰু ট্ৰেইন ষ্টেচনত প্ৰায়বোৰ প্লেটফৰ্মত মালবাহী ট্ৰেইন, কেৱল প্ৰথমটো প্লেটফৰ্মতহে যাত্ৰীবাহী ট্ৰেইন। ট্ৰেইনেৰে জামীন উড পালো ৰাতিপুৱা ৭ঃ০০ বজাত গৈয়ে গম পালে যে ৰাস্তাৰ সীমান্ত সেই দিনা বন্ধ, এজন সৎলোকে ভঙা ইংৰাজীতে সেই কথাৰ অৱগত কৰাই ৮ঃ৩০ত যাব লগীয়া এখন ট্ৰেইনৰ বিষয়ে কলে আৰু ট্ৰেইনৰ টিকট ক্ৰয় কৰিবলৈও সহায় কৰিলে। সেই ট্ৰেইনতে ইমিগ্ৰেছনৰ কাৰ্য্য সম্পন্ন কৰাৰ পিছত মংগোলীয়াৰ অধিকাৰী সকলে ট্ৰেইনখন যাব দিলে ৯ঃ৩০ত প্ৰায় এঘন্টামানত গৈ ওলালো চাইনৰ সীমান্ত চহৰ এৰলিয়ানত। তাত ৰৈ আছিলে মোৰ বাবে এক বিভিন্ন অভিজ্ঞতা। চাইনাৰ সীমান্ত মংগোলীয়াৰ নাগৰিকে পাৰ কৰে, আৰু কিছু সংখ্যক ইউৰোপৰ নাগৰিক থাকে প্ৰায়ে কিন্তু তেখতসকলৰ বাবে বিৰল ভাৰতীয় পাছপৰ্টৰ দৃশ্যত মোক সন্দেহৰ ভিত্তিত প্ৰায়ে ১ঃ৩০ ঘন্টামান জেৰা কৰিলে, কিন্তু সকলো ঠিক ঠাকে পায় শেষত এৰি দিলে( ৰাজনৈতিকভাৱে ভাল নোহোৱা দেশবোৰত এনে আচৰণ সাধাৰণতে পোৱা যায়। এনে পৰিস্থিতিত নিজৰ সতৰ্কতা আৰু বুদ্ধি ব্যৱহাৰ কৰিব লাগে)। ১২ বজা দুপৰীয়াৰ এই সীমান্ত চহৰত কোনেও ইংৰাজী বুজি নাপায়ে, তাতে সীমান্ত বন্ধৰ বাবে বাছ নাছিলে সন্ধিয়া ৪ঃ৩০ত এখন বাছে আছিলে প্ৰায় ২০০০ টকাত পিছ দিনা পুৱা ৪ঃ০০ বজাত বেইজিং চহৰৰ ডাহংমেনত পোৱালেগৈ। তাতে ৫ঃ৩০ প্ৰথম মেত্ৰ'লৈ ৰখিলো, মেত্ৰ'ৰে গৈ ওলালোগৈ চিনজিকৌ ষ্টেচন য'ত আছিলে মোৰ বেইজিঙৰ আৱাস ৰেড লেনতাৰ্ন গেষ্ট হাউচ। বেইজিঙৰ ২০ ডিগ্ৰীৰ বতৰে মোৰ দেহত  চাইবেৰিয়া-গবিৰ শীতৰ কপকপনী নাইকীয়া কৰিলে, টোপোলা পেলায় ঢাপলি মেলিলো চিয়ানমেন স্কুৱেৰলৈ আৰু নিষিদ্ধ চহৰলৈ, নামতহে(চাইনাৰ বহু যোগৰ ৰাজকীয় মহল হিচাবে ব্যৱহাৰ কৰা হৈছিলে এই নিষিদ্ধ চহৰখনকে) খোজেৰে আকৌ ঘুৰি আহিলো চিয়ানমেনৰ পৰা চিনজিকৌ লৌকে। ভাগৰত জীৰণি লবৰ বাবে হোষ্টেললৈ আহিলো আৰু সামৰিলো দিনটোৰ বাবে। পিছদিনা ৰাতিপুৱা অৰ্থাৎ মস্ক'ৰ পৰা আৰাম্ভ কৰা ২ সপ্তাহৰ অন্তৰত বিখ্যাত চাইনাৰ বৃহৎ বেঢ়াখন চাবলৈ ওলালো জিনচালিং এলেকালৈ, আৰু বহুত এলেকাৰ পৰা চাব পৰা যায়, কিন্তু ভাল দৰে সংৰক্ষিত আৰু নিৰিবিলিত উপভোগ কৰিবলৈ জিনচালিংত ভাল। পোন্ধৰতম আৰু বেইজিংত মোৰ অন্তিম দিনা মই গ'লো উত্তৰ-পশ্চিম দিশৰ বেইগঙমেন ষ্টেচনৰ কাষতে অৱস্থিত গ্ৰীষ্ম কালীন মহললৈ, যি চাইনাৰ বুৰঞ্জীত খ্যাত। আৱেলিৰ ৬ বজাত হোষ্টেলৰ পৰা মোৰ টোপোলা বান্ধি ওলালো ডংচিমেন ষ্টেচনলৈ তাৰ পৰা এয়াৰপৰ্টৰ বাবে মেত্ৰ'লৈ এয়াৰপৰ্ট পালো। আৰু স্মৃতি ৰৈ যোৱা এটা মহা যাত্ৰাৰ সামৰণি পেলাই মোৰ বৰ্তমানৰ আৱাস ডহা, কাটাৰ অভিমুখে বিমান যাত্ৰা কৰিলো। এই ট্ৰান্স চাইবেৰিয়ান বিশাল যাত্ৰা, যি ইতিহাসৰ বিভিন্ন সময়ৰ, বিভিন্ন জাতি- জনগোষ্ঠীৰ, বিভিন্ন নীতি নিয়মৰ পাঠ মেলি দিলে নিজতেই এক বিস্ময়। মানুহৰ জীৱনকাল এনেই কম, তাতে এনেকুৱা এটা অনুভৱ অতুলনীয়, যাক বাক্যৰে বুজাব নোৱাৰি। 

ব্ৰহ্ম দেশ, ম্যানমাৰ

যাত্ৰা আৰু পৰ্য্যটন, দুটাৰ মাজত পাৰ্থক্য মইও জনা নাছিলো। পৰ্যটন হৈছে মনোৰঞ্জনৰ বাবে কৰা ভ্ৰমন আৰু যাত্ৰা, ভ্ৰমন হ'লেও তাত বহুত অভিজ্ঞতা অৰ্জন কৰা হয়। কেৱল আনে কোৱা, সাহিত্য-বাতৰি কাকতৰ লিখনি বা সুন্দৰ ফটোবোৰ দেখি কৰিব গ'লে নিজৰ মনৰ সন্তুষ্টিৰে ভ্ৰমনৰ আনন্দ লব নোৱৰি। পশ্চিমৰ মানুহে সদায়ে পূৰ্ব দিশৰ দেশৰ সাংস্কৃতিৰ খুব আনন্দ লোৱা দেখা যায় আৰু পূৰ্ব দেশৰ মানুহ পশ্চিমৰ দেশলৈ মনোৰঞ্জন ভ্ৰমন কৰিব গৈ তাৰ চৰ্চা কৰে। কিন্তু নিজৰ মনে ভ্ৰমনত কি বিচাৰে সেইটো নিজৰ অনুসন্ধানৰ ভিত্তিত হ'ব লাগে আৰু সেই হিচাবে ভ্ৰমন কৰিব লাগে। ঠিক এনে এক ভ্ৰমন আছিলে মোৰ ব্ৰহ্ম দেশ, ম্যানমাৰলৈ। ম্যানমাৰৰ ভিজা পোৱা তেনেই সহজ, শুদ্ধকৈ ইন্তাৰনেট যোগেদি https://evisa.moip.gov.mm/NewApplication.aspx
১২ ঘন্টাত ই মেইল যোগেদি পোৱা যায়, মাচুল হৈছে ৫০ ডলাৰ।ভিজা লৈ ৫ দিনীয়া সূচিৰে মই পুৱাৰ ৮ বজাত ৰেঙ্গুন ৰাজধানীত অৱতৰণ কৰিলো। ম্যানমাৰৰ বিষয়ে ইন্টাৰনেটত বেছি উপদেশ নাপায়, মানে বাট পথ, ঠাইবোৰৰ কোনো বিশেষ উল্লেখ নাই। যি কোনো এয়াৰপৰ্টৰ পৰা ওলাই গ'লে যি দৰে টেক্সি আদি ৰখি থাকে ঠিক তেনেদৰে ৰেঙ্গনৰ মিংগালাডন অন্তৰাষ্ট্ৰীয় বিমানবন্দৰটো দৃশ্য প্ৰায়ে একে আছিলে। মই টেক্সি চালকে সুযোগ লয় বুলি অলপ সময় বিমান বন্দৰতে কতাই ৪০০ ডলাৰৰ ক্যাট(ম্যানমাৰ মুদ্ৰা) ক্ৰয় কৰিলো। ১ ডলাৰ প্ৰায়ে ১৪০০ ক্যাট। ক্যাট লিখাতহে, তাৰ জনসাধাৰণৰ উচ্ছাৰণ আকৌ চাট্চ। অলপ বিমান বন্দৰৰ ইফালে সিফালে খোজ কাঢ়ি গম পালো চহৰলৈ বুলি এখন বাছও আছে, মাত্ৰ ৫০০ ক্যাটত(টেক্সিত আকৌ ১৫০০০ ক্যাট), এই বাছ ধৰি মই পালোগৈ চুলে পাগ'ডা, যি চহৰ এটা কেন্দ্ৰীয় স্থান, আৰু তাতে আছিলে মোৰ ৰেঙ্গুনৰ প্ৰথম আশ্ৰয় বেগপেকাৰ, বেড এন্ড ব্ৰেকফাষ্ট, যাযাবৰৰ বাবে হোষ্টেল। তাত গৈ মই হোষ্টেলৰ সম্পাদনা থকা মহিলা গৰাকীক জনালো যে মোক কোঠা বা বিছনাৰ প্ৰয়োজন নাই, ভাড়া নিচেই কম আছিলে যদিও সেই ৰাতিয়ে নৈশ বাছ আছিলে বাবে শুই বা আৰাম কৰি সময় কতাব মন নাছিলে। তেখেতৰ উদাৰতা যে মই ভাড়া দিব নালাগিলে আৰু মোক স্নানৰ সুবিধাও কৰি দিলে। দিনটো ৰেঙ্গুনৰ উল্লেখযোগ্য ঠাই যেনে শ্বেডাগন পাগডা, কান্ডাগ্যী পুখুৰী আৰু বজাৰ সমুহ খোজ কাঢ়ি ফুৰি ৰাতিৰ নৈশ বাছ আস্থান আউং মিংগালাৰ বাছ আস্থান পালোহি, বাছ আস্থানটো পিছে চহৰৰ বাহিৰত কিন্তু বিমান বন্দৰৰ পিছ ফালেই( বিমান অৱতৰণৰ সময়ত লক্ষ্য কৰিলে দেখা পায়)। একেবাৰে সহজ সৰল বাছ আস্থান। বাছ আছিলে জে জে বাছ কোম্পানীৰ, ম্যানমাৰত উৎকৃষ্ট মানৰ বাছ সেৱা আৰু প্ৰায় বিদেশীসকলে ব্যৱহাৰ কৰে। ১৫ নে ২০ ডলাৰত গোতেই ৰাতিটো ভ্ৰমন কৰিলো পুৱা উলালোগৈ মান্ডালেই ৰাজ্যৰ বাগান নগৰ। বাগানত সূৰ্য্য উদয় বৰ সুন্দৰ আৰু পৰিবেশ যেন আজিৰ পৰা ৫০ বছৰমান আগৰ, বাট পথ নিচেই সৰু আৰু গৰু গাড়ী সকলো ফালেই, কিন্তু গৰমৰ দিনত আমাৰ অসমৰে নিচিনা চিপ চিপ গৰম। বাগানত পৰ্যটকে ২০ ডলাৰ প্ৰবেশৰ মূল দিব লাগে, মোৰ বাবে সেইটো বহু বেছি আছিলে, কাৰন মই এদিনৰ সূচীত বাগান গৈছিলো। অলপ বুদ্ধি লগাই এজন টেক্সী চালকক বাছ আস্থানতে লগ কৰি সুৰ্য্য উদয় বেলেগ এফালে বুলি লৈ গ'লো পথতে দাম দৰ কৰিলো যে ৪৫ ডলাৰ গোতেই বাগান দৰ্শন কৰাব দিনটো আৰু এই মাচুলটো দিব নলগাকৈ মোক ফুৰাব (কবলৈ গ'লে বিদেশত আইনৰ উলংঘন)। দিনটো বাগাৰ বিশিষ্ট পাগ'ডা সমুহৰ দৰ্শন কৰিলো, দুপৰীয়া ইৰাৱদী নদীৰ শীতল বতাহৰ আনন্দ ল'লো আৰু আৱেলি ইৰাৱদী নদীতে নাওৰে সূৰ্যাস্ত উপভোগ কৰি আকৌ বাছ আস্থানলৈ আহিলো। এয়া মোৰ দ্বিতীয় নিশা হ'ব নৈশ বাছত(সেই জে জে বাচ কোম্পানীৰ) শুই ভ্ৰমন কৰা আৰু আকৌ এখন চেন ৰাজ্যৰ নগৰ ন্যউং শ্বে লৈ। ন্যউং শ্বে হৈছে, ইন্লে জলাশয়ৰ কাষত অৱস্থিত, আমাৰ চান্ডুবীৰ নিচিনা কিন্তু সহজ সৰল, কম জনসংখ্যা। ৰাতিপুৱা গৈ ওলালো মোৰ নেউং শ্বেৰ ঠিকনাত, চং অফ ড্যা ট্ৰেভেল হোষ্টেলত। শীতল বতৰ আৰু হোষ্টেলে দিয়া চাইকেল লৈ ওচৰৰ থেট  ইয়েন গূ বৌধ ধৰ্মৰ গুহা মন্দিৰ এটালৈ উলালো, ঘুৰি আহি উপবাস ভঙ্গ আহাৰ খাই অলপ জীৰণি ল'লো (কাৰন দুই ৰাতি বাছত ভালকৈ শুৱা হোৱা নাছিলে)। আৱেলি আকৌ চাইকেল লৈ ওলালো পুখুৰীৰ আশেপাশে থকা ঠাইবোৰলৈ বুলি। প্ৰায় ২০ কিলোমিটাৰমান চাইকেলেৰে অতিক্ৰম কৰি গাওঁ বোৰৰ পৰিবেশ, খাদ্য উপভোগ কৰিলো। সেই সন্ধিয়া হোষ্টেলৰ চাটতে ৰাতিৰ আহাৰ আৰু তাতে কাম কৰা লোকসকলৰ লগতে কথা পাতি কতালো। পিছ দিনা ৰাতিপুৱাই আছিলে মোৰ জলাশয়ত ভতভতিৰে যাত্ৰা, কাৰন এই জলাশয়ত মাজ মজিয়াতে বহু কাৰিকৰী গাওঁ আছে, এই গাওবোৰে নাৱৰ পৰা, চিগাৰ, গহনা, পোচাক ইত্যাদি চব বনাই । জলাশয়ৰ শীতল বতাহ আৰু নাৱৰ যাত্ৰা কৰি দিনটো পাৰ কৰি সন্ধিয়া আকৌ বাছ আস্থান পালোহি, ৰেঙ্গুনলৈ উভতিবলৈ বাছ ধৰিবলৈ। ৰাতিপুৱা উপস্থিত হ'লো ৰেঙ্গুনত, বতৰ মাজে মাজে বেয়া আছিলে, আকৌ সেই বিনামূলীয়া আৱাসলৈ গ'লো (কিন্তু খোৱা বোৱা তাতে ক্ৰয় কৰিছিলো) টোপোলাটো পেলাই বজাৰবোৰলৈ গ'লো, এইবাৰ আকৌ কিবা কিবি সৰু সুৰা কিনিবলৈ, পিছে ৪০০ ডলাৰৰ কেৱল ২০০ হে খৰচ হ'ল গোতেই যাত্ৰাত, তাৰে ২০০ ডলাৰ মূদ্ৰালৈ আকৌ সলনি কৰি ল'লো আন এখন দেশলৈ বুলি। পিছ দিনাৰ পুৱাতে বিমান আছিলে, আৰু বন্দৰৰ পৰা চহৰ দূৰৈত বুলি সন্ধিয়া বিমান বন্দৰলৈ বুলি উলালো, শেষ ৰাতিটো বিমান বন্দৰতে কতালো। ৫ দিনীয়া এই যাত্ৰাই ব্ৰহ্ম দেশৰ সভ্যতাৰ এটা থুলমূল আভাস দিলে। চহৰৰ নক্সা, মানুহৰ চিন্তা ধাৰণা, ব্যৱসায় বাণিজ্য ইত্যাদি।

স্বাধীনতাৰ শিখৰত (কিলিমাঞ্জাৰ')

স্বাধীনতাৰ শিখৰত (কিলিমাঞ্জাৰ')
পৰ্বতাৰোহণ! মনত চাঞ্চল্যকৰ সৃষ্টি কৰিব পৰা এটা সাহসীকতাৰ কাৰ্য্য। পৰ্বত বুলি কলে  এভাৰেষ্টলৈ মনত পৰে, কিন্তু সেই এভাৰেষ্টৰ আৰোহণৰ বাবে কেৱল সাহস, স্বাস্থ্য, আৰু নিৰ্ভীকতায়ে নহয়, প্ৰয়োজন হয় মানসিক আৰু শাৰিৰীক শক্তি, বছৰজোৰা একাগ্ৰতাৰে কৰা অনুশীলন আৰু বৃহৎ ধনৰাশি। প্ৰায়ে ১৫ লাখ টকাৰ প্ৰয়োজন হয়, এই ধন ৰাশি কেৱল এভাৰেষ্ট আৰোহণৰ বাবেহে, আপাতকালীনৰ (মৃত্যুৰ ক্ষেত্ৰত দেহ নামনিলৈ অনা) বাবে সেই পৰিমান আৰু বাঢ়ি যাব পাৰে, আকৌ এই পৰিমান ভিন্ন পৰ্বতৰ বাবে ভিন্ন হৈ পৰে। অন্তত এভাৰেষ্ট পৰ্বততকৈও মাৰাত্মক পৰ্বত হৈছে অন্নপূৰ্ণা পৰ্বত, আৰু নঙ্গা পৰ্বত। এই ধৰনৰ পৰ্বতাৰোহণ কৰিব হ'লে পৰ্বতাৰোহীয়ে সেই পৰ্বতৰ নামনিৰ ঘাঁটিত ইংৰাজীত বেচ কেম্পত কেতিয়াবা মাহ মাহ ধৰি অনুমান, পৰিকল্পনা আৰু অভ্যাস কৰে। ইয়াক পৰ্বত আৰু প্ৰকৃতিক শ্ৰদ্ধা কৰা পৰ্বতাৰোহীয়ে সফলতাৰ বাবে জনোৱা আগ সেৱা বুলি কব পাৰি। এনে ধৰণৰে প্ৰসিদ্ধ পৰ্বতাৰোহণৰ প্ৰেৰণা লৈ মই ঢাপলি মেলিলো টাঞ্জানিয়া ৰাস্ত্ৰৰ, কেনিয়া সীমান্তত অৱস্থিত কিলিমাঞ্জাৰ পৰ্বতলৈ। কিলিমাঞ্জাৰ'ৰ উচ্চতা হৈছে ৫৮৯৫ মিটাৰ, এভাৰেষ্টতকৈ ৩০০০ মিটাৰ সৰু আৰু এভাৰেষ্ট বেচ কেম্পতকৈ ৫০০ মিটাৰ বেছি, আৰু এই পৰ্বতটোৰ বিশেষতা এয়ে যে এইখন শৃংখল বিহীন স্বাধীনকৈ থিয় দি থকা আফ্ৰিকা মহাদ্বীপৰ সৰ্বোচ্চ পৰ্বত। এইখন পৰ্বত মোৰ যোগ্যতা, আৰু আৰ্থিক ক্ষমতাৰ ভিতৰতে আছিলে। যদিও মৃত্যুৰ সম্ভাৱনা কিলিমাঞ্জাৰ'ত প্ৰায়ে নিম্ম, কিন্তু এই অভিযান সহজ নহয়। ইন্টাৰনেট যোগেদি বহু গবেষণাৰ পিছত মই ডহাৰ পৰা বিমানেৰে কিলিমাঞ্জাৰ বিমানবন্দৰলৈ ওলালো, কিলিমাঞ্জাৰ'ৰ কাষতে দুখনকৈ নগৰ আছে, ম'ছি আৰু আৰুছা। আৰুছা হৈছে পৰ্যটন দিশত মোহনীয় আৰু পৰ্যটক আৰু পৰ্বতাৰোহী দুয়োৰে বাবে বাসস্থান, কিন্তু ম'ছি হৈছে সৰু নগৰ আৰু কেৱল পৰ্বতাৰোহীৰ বাবে হে গন্তব্য স্থান। মইও মনত দৃঢ় ইচ্ছাৰে বিমান বন্দৰৰ পৰা ম'ছিলৈ ওলালোঁ, গৈ থকা বাটতে বাওঁ ফালে দেখিলো বিশাল কিলিমাঞ্জাৰ', মনত এটায়ে চিন্তা পাৰিম নে নোৱাৰিম। মছি নগৰৰ উচ্চতা হৈছে প্ৰায় ১৮০০ মিটাৰ। ২ দিন নিজকে পৰ্বতৰ নামনিৰ বতৰৰ লগত অনুকুল কৰি আৰু তাতে থকা এখন প্ৰতিষ্ঠান "মংকি এডভেঞ্চাৰ" লগত সম্পৰ্ক কৰিলো। ৫ দিনীয়া সূচি, ৩ জন আৰোহীৰ (মই আৰু দুজন যুক্তৰাষ্ট্ৰৰ) বাবে লগা হয়, ২ জন গাইড (ৰেমি আৰু জচুৱা), ৩ জন ৰান্ধনী আৰু ৬ জন বস্তা কঢ়িয়াই  নিয়া মানুহ। অভিযান আৰম্ভ কৰাৰ এদিন আগত গাইডৰ লগত বহি অভিযানৰ থুলমূল আলোচনা হ'ল, নিয়ম নীতিৰ। এই যাত্ৰা খৰচ প্ৰায়ে ১ লাখ টকা ভাৰতীয় মুদ্ৰাত। ২ আগষ্ট ২০১৭ চনৰ পুৱা আমাক বাছেৰে লৈ যোৱা হ'ল মাৰাঙ্গুৰ নামানিলৈ। সেই দিনা দুপৰীয়াই মোৰ আৰু দুজন যুক্তৰাষ্ট্ৰ সতীৰ্থৰ লগত যাত্ৰা আৰাম্ভ হ'ল কিলিমাঞ্জাৰ'ৰ শিখৰ উহুৰুলৈ,স্বাহিলী ভাষাত উহুৰু মানে স্বাধীনতা ( পুৰ্ব আফ্ৰিকাৰ বহু দেশতে স্বাহিলী প্ৰচলিত ভাষা)। ৩ - ৪ ঘন্টামানৰ পদ যাত্ৰাৰ পিছত প্ৰথম কেম্প মান্ডাৰা হাট পালো, ২৭০০ মিটাৰ উচ্চতাত অৱস্থিত, বতৰ শীতলময় হৈ পৰিছে, আৰু মন আশংকা ।ৰাতিটো মান্ডাৰা হাটত কতাই পিছ দিনা ৰাতিপুৱা ৰাওনা হ'লো ৩৬০০ মিটাৰ উচ্চতাত আৱস্থিত হ'ৰ'ম্বো হাটলৈ। এই সময়ত আমি বনস্পতি ধৰন সলনি হোৱা আৰু উদ্ভিদৰ জ্ঞানো পালো, গ্রীষ্মপ্রধান বৰ্ষাৰণ্যৰ পৰা এতিয়া পাইন জাতীয় বেজী নিচিনা পাতৰে ভৰা অৰন্য পালো। হ'ৰ'ম্বো হাটতত বতৰ আৰু শীতল হৈ পৰিছিলে, নিজকে গৰম কৰি ৰাখিব লগা হৈছিলে প্ৰায় সময় শুই কতাই,খাবলৈ গৰম পনীয়া খাদ্য দিয়া হৈছিলে, আৰু সেই ৰাতি ৰেমিৰ লগত দেশ বিদেশৰ কথা পাতি কটালো (ৰেমি আমাৰ গাইড এজন পেছাদাৰী গাইড আছিলে, পৰ্বতাৰোহীক মানসিক ভাৱে তৈয়াৰ কৰা আৰু চিন্তাৰ পৰা অতৰাই ৰাখিব ভালদৰে জানিছিল)। ৪তাৰিখৰ পুৱা ওলালো কিব' হাট। এইখিনিতে জনাই দিও যে কিলিমাঞ্জাৰ'ৰ ৩ টা শিখৰ, মাৱেঞ্জী, কিব' আৰু চিৰাৰে গঠিত। চিৰা প্ৰথম অগ্নিয়গীৰিৰ ফলত হৈছিলে, আৰু মাৱেঞ্জী এটা দুৰ্গম শিখৰ, আৰু কিব' শিখৰ হৈছে আফ্ৰিকাৰ আতাইতকৈ উচ্চ  আৰু এই শিখৰতে অৰ্থাৎ ৫৮৯৫ মিটাৰত অৱস্থিত উহুৰু। ৪ তাৰিখ ২০১৭চনৰ দুপৰীয়াৰ ১২০০ বজাত ৪৬০০ মিটাৰত অৱস্থিত কিব' হাট পোৱাৰ পিছত মোৰ দেহটো শক্তিহীন হৈ পৰিব ললে, খাবলৈ মন নোযোৱা  হোৱা পৰিলে। সন্মুখত কিব' শিখৰ কিন্তু দুৰ্বলতাৰ আৰু দুৰ্গম পৰিবেশৰ মাজত সাহস নাইকিয়া হৈ পৰিব ললে, কিব হাটত উপস্থিত পৰ্বতাৰোহী সকলৰ মাজত যেন মইয়ে একমাত্ৰ অসুস্থ সদস্য। যি সময়ত সকলোৱে নিজৰ মন ঠিক কৰি হাহিঁ ফুৰ্তি কৰিব ললে, মই সেই সময়ত ডাইমক্স টেবলেট (শৰীৰত অক্সিজেন বৃদ্ধি কৰিবলৈ) এটা খাই পৰি দিলো দীৰ্ঘ নিদ্ৰাত, শুৱাৰ আগত দেহত অক্সিজেনৰ পৰিমান ৭০% আছিলে, যি সুস্থতাৰ নিম্নতম পৰিমান।
পৰ্বতাৰোহণ বা যিকোনো দুঃ সাহসিক কাৰ্য্য কৰাৰ শুদ্ধ সময় থাকে, ঠিক তেনেদৰে আমি সকলো ৫ তাৰিখৰ পুৱতি নিশা ০১০০ বজাত সাৰ পালো আৰু সাজু হলো, পৰ্বতাৰোহণৰ পোষাক পিন্ধি, পানী আদি লৈ। বাকি সদস্য সকলে অলপ ভোজন গ্ৰহণ কৰিলে পিছে মোৰ ইচ্ছা আৰু দেহ এতিয়া ঠিক হোৱা নাছিলে। দৃঢ় ইচ্ছা শক্তিৰে  ০৩০০ বজাত আৰামম্ভ  কৰিলো জোনাকী পোহৰ আৰু আমাৰ মাথাত লগাই লোৱা লাইটৰ পোহৰত অভিযানৰ শেষ পৰ্যায়। গাইদৰ পিছে পিছে খোজে খোজ মিলাই তুচ্ছ মানৱৰ মানসিক শক্তিৰে অভিযান কিলিমাঞ্জাৰ অতিক্ৰম কৰাৰ। শক্তি যেন কম নোহোৱাই হৈ থাকিলে, খোজ যেন থমকিব নোৱাৰে আজি, নাকৰ আৰু মুখৰ চালত বৰফ জমিব লৈছে, পানী খোৱা নলী ডালো বৰফ হৈ পৰিলে কিন্তু মোৰ ভাগৰ আৰু পিয়াহ যেন নোহোৱা হৈ পৰিলে, ৪৮০০ মিটাৰত ষ্টেল্লা পইন্টত মোৰ সতীৰ্থ এজনৰ হৃদস্পন্দন আকস্মিক ভাৱে বাঢ়িব ললে, তেখেতক লৈ গাইড ৰেমি তললৈ উভতিব লগা হ'ল। সেই সময়ত মোৰ শৰীৰত অক্সিজেনৰ পৰিমান আছিলে ৫০%, যি সামান্য পৰিমাণৰ পৰা ২০% কম আছিলে, কিন্তু মোৰ আত্মবিশ্বাস দেখি গাইড ৰেমিয়ে সহায়ক গাইড জচুৱাৰ লগত শিখৰ অভিমুখে আগ বাঢ়িব দিলে। যদিও আত্মবিশ্বাস দৃঢ়, শৰীৰত অক্সিজেনৰ হ্ৰাস হোৱাৰ বাবে প্ৰত্যেকটো খোজে কষ্ট হৈ পৰিছিলে, ১০০ মিটাৰমান আগ বাঢ়ি ১০ মিনিটমান জীৰণি লব লগা হৈ পৰিছিলে, বায়ুমণ্ডল পাতল হৈ পৰা  আৰু তেজত  অক্সিজেনৰ পৰিমান কম হোৱাৰ বাবে দৃশ্যবোৰ পুৱাৰ সূৰ্য্যৰ পোহৰত চমকি উঠিছিলে। লাহে লাহে এই বিশ্ৰামৰ ৩০ মিটাৰমানৰ ব্যৱধানত লব লগা হৈ পৰিছিলে, অক্সিজেন হ্ৰাস পোৱাৰ বাবে ভগৰি পৰিছিলো, মনত কেৱল এটা উদ্দেশ্য আৰু চিন্তা শিখৰ পোৱাৰ। শৰীৰ শক্তিহীন আৰু মোৰ বাবে সহায়ক গাইড আৰু আনজন বন্ধুয়ে প্ৰত্যেকবাৰে ৰখিব লগা হৈ পৰিছিল। এনেকে ৰখিলে অভিযান পলম হয় আৰু পলম হ'লে সফলতা ক্ষীন হৈ পৰে। তথাপিও ৫ আগষ্ট ২০১৭ চনৰ পুৱতি নিশা ৪৩০০ মিটাৰত অৱস্থিত কিব হাটৰ পৰা আৰম্ভ কৰা যাত্ৰা পুৱা ৭ঃ৩০ বজাত ৫৮৯৫ মিটাৰত উহুৰু শিখৰত সমাপ্ত হ'ল। সহায়ক গাইড জচুৱা আৰু এজন যুক্তৰাষ্ট্ৰ সহযাত্ৰীক লৈ শিখৰত ১৫ মিনিটমান কতাই (এই উচ্চতাত বতৰ আৰু বায়ুমণ্ডল শৰীৰৰ বাবে অনুকূল নহয়) আকৌ তলতৈ নামিবলৈ খোজ আগবঢ়ালো, সফলতাই যেন শেষ এটা শক্তিৰ জোঁৱাৰ  আনি দিলে। ০৯০০ বজাত ৪৬০০ মিটাৰত ৰখি আছিলে মোৰ বাবে অক্সিজেন বটল লৈ এজন কুলি, তেখেতক কিব' হাট কেম্পৰ পৰা গাইড ৰেমিয়ে মোৰ বাবে পঠাইছিলে, কিন্তু সেয়া দৰকাৰ নপৰিলে, পলমকৈ হ'লেও, ১১৩০ মানত আমি কিব' হাট আহি পালো। তাতে খাদ্য গ্ৰহণ কৰি অসুস্থ সহযাত্ৰীজনক লৈ আমি কিব' হাটৰ পৰা হৰ'ম্ব' হাটলৈ আগ বাঢ়িলো, তেখেতৰ শৰীৰৰ লক্ষণ সমান্য আছিলে যদিও সেই পৰিবেশত গাইড আৰু সহায়কে কোনো সংকোচ নকৰি তেখেতক এম্বুলেঞ্চ যোগে নামনিলৈ প্ৰেৰণ কৰিবলৈ নিৰ্ণয় ললে, আৰু আমিও সেই সুযোগতে এম্বুলেঞ্চত মাৰাঙ্গু নামনিলৈ ঘুৰি আহিলো। নামনিত আমাক সফলতাৰ প্ৰমান পত্ৰ দিয়া হ'ল, ৫ আগষ্ট ২০১৭ ০৭৩০ বজাত স্বাধীনতাৰ শিখৰত ভৰি দিয়া বুলি। এই অভিযান মাৰাত্মক নাছিলে যদি ই বাকি বিশাল মহাকায় পৰ্বতৰ আভাষ দিলে। 

Friday, February 7, 2014

Nation, the good and the bad

When time started, the man was free soul, all alone in the wild. With the ascending ages, when this species of man debated the fear of all possible negative impacts on him and his life, he decided to form groups, which constituted to villages, with a leader who was either by force or by respect, or by common rituals and belief, or by social harmony.  In our conquest to imagine the far good historical lives of our ancestors, we discover a nation was accountable to few hundreds, may be thousands of villages and a handful of cities, with a major capital, where the King would reside. To be unbiased this was a system for not just a century, it prevailed through ages. The King and his chosen ones would decide what, where, and when to do?  This was no concern to the commons, until the King would interfere in their personal business. Some places still exists where the King is still worshiped. Rolling the pages of the written history and the debated history we find barbarians, humanitarians, and till the Renaissance of Europe, where this myth breaking revolution started, be it about fallacy in the name of God or the King. Justified as it was because every human soul has it's right, left after whatever has been decided by God.

 Rousseau said it "Man was born free and he is everywhere in chains". A revolution started to end the tyranny on the basis of fallacy. Yes, a good one, it brought progress world wide as we see today. But, no great success comes without pain which is extreme to unimaginable. Great views are never welcomed so easily. Laid millions unaccountable for the sake of this revolution. Went  millions unsung in the book of time.

What we present day common do is go by the book and forget that like our whole life that we have been through, our history is same both good and bad, or far more than that. To, be realistic this world feeds on both good and bad. You do the good for the good and bad for the greater good (as per your belief), as for an atheist, even he believes in humanity. There is always a thin line between good and bad. Just a simple example - These days I am going through Driving classes, advised to be on my right side * condition applied, so does come every book on religion, every book on unbiased ethics. The problem arises when we keep searching for a straight forward solution. God himself never created something straight forward. He himself is the lord of both good and bad. He never created a system we rely on and never guaranteed it's success. If a person starts believing all good and no bad, then he/she should have had one eye, one hand, one leg, and that will not be the path to progress for sure. Human mind is unfathomable, just look back into our own righteous past, I have never been so righteous, but i was just to every decision i made, considering my environment, applied the good and bad (greater good), so do everyone of yours', and did so Jean-Jacques Rousseau, when he busted the bad disguised good prevailed in his time whether in the name of God, King, and the good. When we have a thin line between good and bad, now we still have a limit on both sides. To build a nation we have to put it's base on both good and bad, we need to accept the fact. If something is not that good, we need to see both ways and make it seem good. But, here our ability to judge things fail, we never compare our lives in an unbiased way. We see the bad and try to criticize and make it good, but we ignore our own bad habits. In the end, in our pursuit for good we end up with damages. Human life itself teaches so much, but still we need references, and whoever got references ignore their own life experiences.
Present day, people demands unconditional security for anything. Nature's own law to be abolished, demanding a heaven on earth.  Some nations have accepted it, but to fail. Here, I am not supporting the conservative world, nor the most developed one. Truth itself never is good or bad, nor ugly or beautiful, it's totality comes  in it's acceptance.

Saturday, December 28, 2013

The Age of Hypermedia

With the growing technology, within two decades, the face of the world has changed. The mode of communication had the most drastic changes encountered, then any other sector. At present, when we talk about hypermedia, it is a term in information technology, patented by innovators to a logical extension of the term hypertext in which graphics, audio, video, plain text and hyperlinks intertwine to create a generally non-linear medium of information (this is all the Wikipedia starts for Hypermedia).

But, here I would like to talk about an abstract form of the term Hypermedia. Starting with the days, when newspapers started flowing throughout the world, with single TV channel, or even a few, where an orator used to read up the daily important news, and the same channel would pipe shows, soaps, and create awareness, this wasn't the birth of media, this was when media was there, at it's best, and that's not now, Why? Don't get confused. PLEASE!

Let me jump to Hypermedia (this was abrupt). Two words Hyper and Media. I cited my opinion above, regarding Media. Now, what the word Hyper means? Searched in Google, its says- Having a very excitable or nervous temperament; high-strung, Emotionally stimulated or overexcited, Overactive; Overexcited. So, my abstract definition for Hypermedia is to transmit messages so as to excite the common, in  mass.

Here a Common is assumed to be a person, who is reserved to his lack of good decision making, lack of interaction to outside world, talks about corruption, but somewhere, somehow gets corrupted by environment (excluding human inclusively), a common lacks of almost everything. A common never like diplomatic decisions, he has no idea of greater good, hard work is acceptable; but limits on sacrifices.

When we sum up the combo of Hypermedia to Common, to be frank that's doomed development. A disaster in itself. If we look on to the dominated Media of the People's Republic of China, may be that's too harsh, and as it should be to control the world's largest population, but when we turn our head to the West (where everyone is believed to be, not just Common), media is sometime kept out of lots of controversial stuff (whether it be a shooting spree, or bombing places, information for media and by media is reserved). Hypermedia is just like trying teach some real chemistry to a bunch of philosopher, they will just nod their heads, and by the end; all messed up. Information should be be better served raw, uncooked, and avoided if it's indigestible, that might end up with a bad tummy. This includes biased news, which counts to Hypermedia as well.

Believe me, i have seen protest where the media shows people in numbers protesting, these are a crowd of a few dozen individuals paid for the day, taken up to various places rearranged in front of camera (so they don't look the same), and then the media takes on and publishes the news. I hail from a volatile region, and I would like to say all credit goes to Hypermedia. My region is still there safe and sound, my neighbors sleep peacefully like anyone. There is a limit to everything, else this place would have been heaven, and we all dead. I am alive better.

We talk about safe place, compare nations, region, when the fight should be within ourselves, to achieve, make things right, or make things seem to be right, realizing that there is no much right.

Everything is all OK, if things go good. But, for a greater good, hypermedia should be curbed.

Wednesday, January 6, 2010

THE IDIOTIC ISSUE-3 IDIOTS Vs 1 DIOT


BEING 3 REPUTED FELLOWS OF B-TOWN AND 1 FAMOUS AUTHOR WITH THE HIGHEST TECHNICAL BACKGROUND ,IT'S DIGUSTING TO SEE THEM ENTERING INTO BRAWL OVER THE ISSUE OF RESPECT AND FAME WHERE THEY ALL GAINED HONOUR WITH THEIR EARNEST EFFORT IN THEIR WHOLE LIFE....
WELLTHIS CHEAP ATTITUDE HAS ONLY NEGATED THEIR COUNT OF HONOUR IN THE MINDS OF COMMON.HERE I NEITHER SUPPORTING EITHER AAMIR KHAN AND HIS FRIEND VVC OR HIRANI NOR AM THEIR TO SHOW SYMPATHY TO CHETAN BHAGAT.
ISN'T IT SHAMEFUL TO BUY STORY CONCEPT AND NOT GIVE THE WRITER HIS DUE CREDIT IN THE SHOW REEL.IF THIS SHOULD BE THEIR THEN WHY THE VALUE OF FUNGCHUK WANGDU IS AS A SCIENTIST WHEN HE SOLD HIS GRADUATION,BECAUSEANYONE COULD HAVE EASILY LURED HIM OF CHEAT HIM FOR HIS RESEARCH LIKE HE WAS LURED WHEN WAS ASKED TO BECOME RANCHODDAS CHANCHAD FOR STUDY.
WELL NOW AS FOR CHETAN BEING AN Ex-IITian AND Ex-IIM FELLOW AND THEN AS A FAMOUS AUTHOR THROUGH THE THE CAREER OF A BANKER,AFTER HAVING SEEN SO MUCH OF THE WORLD HE SHOULD HAVE ATTAINED SALVATION AND STAY HAPPY ENOUGH TO SEE HISNOVEL TURNING INTO A FILM,RATHER THEN PASSING BOGUS BLOGS AND MAKING A SILLY ISSUE.
AND WHY WAS AAMIR THEIR TO DEFEND THE AUTHENTICITY WAR.BEING A WELL-KNOWN AND HONOURABLE ACTOR HE SHOULD HAVE MAINTAINED HIS DIGNITY BY AVOIDIG THE TOPIC.HE DID HIS BEST IN 3 IDIOTS,BUT HE TURNED OUT STUPID.WELL, HE COULDN'T BE AN IDIOT ATLAST HE CAME OUT STUPID ALONGWITH CHETAN BHAGAT.SHOULD FUNGCHUK WANGDU HAD BEEN THEIR REALLY HE WOULD HAVE NEVER LET THIS HAPPEN.NOT TO FORGET HE IS A MYTH

THEY THINK LIKE ME

free counters