Wednesday, December 25, 2019

স্বাধীনতাৰ শিখৰত (কিলিমাঞ্জাৰ')

স্বাধীনতাৰ শিখৰত (কিলিমাঞ্জাৰ')
পৰ্বতাৰোহণ! মনত চাঞ্চল্যকৰ সৃষ্টি কৰিব পৰা এটা সাহসীকতাৰ কাৰ্য্য। পৰ্বত বুলি কলে  এভাৰেষ্টলৈ মনত পৰে, কিন্তু সেই এভাৰেষ্টৰ আৰোহণৰ বাবে কেৱল সাহস, স্বাস্থ্য, আৰু নিৰ্ভীকতায়ে নহয়, প্ৰয়োজন হয় মানসিক আৰু শাৰিৰীক শক্তি, বছৰজোৰা একাগ্ৰতাৰে কৰা অনুশীলন আৰু বৃহৎ ধনৰাশি। প্ৰায়ে ১৫ লাখ টকাৰ প্ৰয়োজন হয়, এই ধন ৰাশি কেৱল এভাৰেষ্ট আৰোহণৰ বাবেহে, আপাতকালীনৰ (মৃত্যুৰ ক্ষেত্ৰত দেহ নামনিলৈ অনা) বাবে সেই পৰিমান আৰু বাঢ়ি যাব পাৰে, আকৌ এই পৰিমান ভিন্ন পৰ্বতৰ বাবে ভিন্ন হৈ পৰে। অন্তত এভাৰেষ্ট পৰ্বততকৈও মাৰাত্মক পৰ্বত হৈছে অন্নপূৰ্ণা পৰ্বত, আৰু নঙ্গা পৰ্বত। এই ধৰনৰ পৰ্বতাৰোহণ কৰিব হ'লে পৰ্বতাৰোহীয়ে সেই পৰ্বতৰ নামনিৰ ঘাঁটিত ইংৰাজীত বেচ কেম্পত কেতিয়াবা মাহ মাহ ধৰি অনুমান, পৰিকল্পনা আৰু অভ্যাস কৰে। ইয়াক পৰ্বত আৰু প্ৰকৃতিক শ্ৰদ্ধা কৰা পৰ্বতাৰোহীয়ে সফলতাৰ বাবে জনোৱা আগ সেৱা বুলি কব পাৰি। এনে ধৰণৰে প্ৰসিদ্ধ পৰ্বতাৰোহণৰ প্ৰেৰণা লৈ মই ঢাপলি মেলিলো টাঞ্জানিয়া ৰাস্ত্ৰৰ, কেনিয়া সীমান্তত অৱস্থিত কিলিমাঞ্জাৰ পৰ্বতলৈ। কিলিমাঞ্জাৰ'ৰ উচ্চতা হৈছে ৫৮৯৫ মিটাৰ, এভাৰেষ্টতকৈ ৩০০০ মিটাৰ সৰু আৰু এভাৰেষ্ট বেচ কেম্পতকৈ ৫০০ মিটাৰ বেছি, আৰু এই পৰ্বতটোৰ বিশেষতা এয়ে যে এইখন শৃংখল বিহীন স্বাধীনকৈ থিয় দি থকা আফ্ৰিকা মহাদ্বীপৰ সৰ্বোচ্চ পৰ্বত। এইখন পৰ্বত মোৰ যোগ্যতা, আৰু আৰ্থিক ক্ষমতাৰ ভিতৰতে আছিলে। যদিও মৃত্যুৰ সম্ভাৱনা কিলিমাঞ্জাৰ'ত প্ৰায়ে নিম্ম, কিন্তু এই অভিযান সহজ নহয়। ইন্টাৰনেট যোগেদি বহু গবেষণাৰ পিছত মই ডহাৰ পৰা বিমানেৰে কিলিমাঞ্জাৰ বিমানবন্দৰলৈ ওলালো, কিলিমাঞ্জাৰ'ৰ কাষতে দুখনকৈ নগৰ আছে, ম'ছি আৰু আৰুছা। আৰুছা হৈছে পৰ্যটন দিশত মোহনীয় আৰু পৰ্যটক আৰু পৰ্বতাৰোহী দুয়োৰে বাবে বাসস্থান, কিন্তু ম'ছি হৈছে সৰু নগৰ আৰু কেৱল পৰ্বতাৰোহীৰ বাবে হে গন্তব্য স্থান। মইও মনত দৃঢ় ইচ্ছাৰে বিমান বন্দৰৰ পৰা ম'ছিলৈ ওলালোঁ, গৈ থকা বাটতে বাওঁ ফালে দেখিলো বিশাল কিলিমাঞ্জাৰ', মনত এটায়ে চিন্তা পাৰিম নে নোৱাৰিম। মছি নগৰৰ উচ্চতা হৈছে প্ৰায় ১৮০০ মিটাৰ। ২ দিন নিজকে পৰ্বতৰ নামনিৰ বতৰৰ লগত অনুকুল কৰি আৰু তাতে থকা এখন প্ৰতিষ্ঠান "মংকি এডভেঞ্চাৰ" লগত সম্পৰ্ক কৰিলো। ৫ দিনীয়া সূচি, ৩ জন আৰোহীৰ (মই আৰু দুজন যুক্তৰাষ্ট্ৰৰ) বাবে লগা হয়, ২ জন গাইড (ৰেমি আৰু জচুৱা), ৩ জন ৰান্ধনী আৰু ৬ জন বস্তা কঢ়িয়াই  নিয়া মানুহ। অভিযান আৰম্ভ কৰাৰ এদিন আগত গাইডৰ লগত বহি অভিযানৰ থুলমূল আলোচনা হ'ল, নিয়ম নীতিৰ। এই যাত্ৰা খৰচ প্ৰায়ে ১ লাখ টকা ভাৰতীয় মুদ্ৰাত। ২ আগষ্ট ২০১৭ চনৰ পুৱা আমাক বাছেৰে লৈ যোৱা হ'ল মাৰাঙ্গুৰ নামানিলৈ। সেই দিনা দুপৰীয়াই মোৰ আৰু দুজন যুক্তৰাষ্ট্ৰ সতীৰ্থৰ লগত যাত্ৰা আৰাম্ভ হ'ল কিলিমাঞ্জাৰ'ৰ শিখৰ উহুৰুলৈ,স্বাহিলী ভাষাত উহুৰু মানে স্বাধীনতা ( পুৰ্ব আফ্ৰিকাৰ বহু দেশতে স্বাহিলী প্ৰচলিত ভাষা)। ৩ - ৪ ঘন্টামানৰ পদ যাত্ৰাৰ পিছত প্ৰথম কেম্প মান্ডাৰা হাট পালো, ২৭০০ মিটাৰ উচ্চতাত অৱস্থিত, বতৰ শীতলময় হৈ পৰিছে, আৰু মন আশংকা ।ৰাতিটো মান্ডাৰা হাটত কতাই পিছ দিনা ৰাতিপুৱা ৰাওনা হ'লো ৩৬০০ মিটাৰ উচ্চতাত আৱস্থিত হ'ৰ'ম্বো হাটলৈ। এই সময়ত আমি বনস্পতি ধৰন সলনি হোৱা আৰু উদ্ভিদৰ জ্ঞানো পালো, গ্রীষ্মপ্রধান বৰ্ষাৰণ্যৰ পৰা এতিয়া পাইন জাতীয় বেজী নিচিনা পাতৰে ভৰা অৰন্য পালো। হ'ৰ'ম্বো হাটতত বতৰ আৰু শীতল হৈ পৰিছিলে, নিজকে গৰম কৰি ৰাখিব লগা হৈছিলে প্ৰায় সময় শুই কতাই,খাবলৈ গৰম পনীয়া খাদ্য দিয়া হৈছিলে, আৰু সেই ৰাতি ৰেমিৰ লগত দেশ বিদেশৰ কথা পাতি কটালো (ৰেমি আমাৰ গাইড এজন পেছাদাৰী গাইড আছিলে, পৰ্বতাৰোহীক মানসিক ভাৱে তৈয়াৰ কৰা আৰু চিন্তাৰ পৰা অতৰাই ৰাখিব ভালদৰে জানিছিল)। ৪তাৰিখৰ পুৱা ওলালো কিব' হাট। এইখিনিতে জনাই দিও যে কিলিমাঞ্জাৰ'ৰ ৩ টা শিখৰ, মাৱেঞ্জী, কিব' আৰু চিৰাৰে গঠিত। চিৰা প্ৰথম অগ্নিয়গীৰিৰ ফলত হৈছিলে, আৰু মাৱেঞ্জী এটা দুৰ্গম শিখৰ, আৰু কিব' শিখৰ হৈছে আফ্ৰিকাৰ আতাইতকৈ উচ্চ  আৰু এই শিখৰতে অৰ্থাৎ ৫৮৯৫ মিটাৰত অৱস্থিত উহুৰু। ৪ তাৰিখ ২০১৭চনৰ দুপৰীয়াৰ ১২০০ বজাত ৪৬০০ মিটাৰত অৱস্থিত কিব' হাট পোৱাৰ পিছত মোৰ দেহটো শক্তিহীন হৈ পৰিব ললে, খাবলৈ মন নোযোৱা  হোৱা পৰিলে। সন্মুখত কিব' শিখৰ কিন্তু দুৰ্বলতাৰ আৰু দুৰ্গম পৰিবেশৰ মাজত সাহস নাইকিয়া হৈ পৰিব ললে, কিব হাটত উপস্থিত পৰ্বতাৰোহী সকলৰ মাজত যেন মইয়ে একমাত্ৰ অসুস্থ সদস্য। যি সময়ত সকলোৱে নিজৰ মন ঠিক কৰি হাহিঁ ফুৰ্তি কৰিব ললে, মই সেই সময়ত ডাইমক্স টেবলেট (শৰীৰত অক্সিজেন বৃদ্ধি কৰিবলৈ) এটা খাই পৰি দিলো দীৰ্ঘ নিদ্ৰাত, শুৱাৰ আগত দেহত অক্সিজেনৰ পৰিমান ৭০% আছিলে, যি সুস্থতাৰ নিম্নতম পৰিমান।
পৰ্বতাৰোহণ বা যিকোনো দুঃ সাহসিক কাৰ্য্য কৰাৰ শুদ্ধ সময় থাকে, ঠিক তেনেদৰে আমি সকলো ৫ তাৰিখৰ পুৱতি নিশা ০১০০ বজাত সাৰ পালো আৰু সাজু হলো, পৰ্বতাৰোহণৰ পোষাক পিন্ধি, পানী আদি লৈ। বাকি সদস্য সকলে অলপ ভোজন গ্ৰহণ কৰিলে পিছে মোৰ ইচ্ছা আৰু দেহ এতিয়া ঠিক হোৱা নাছিলে। দৃঢ় ইচ্ছা শক্তিৰে  ০৩০০ বজাত আৰামম্ভ  কৰিলো জোনাকী পোহৰ আৰু আমাৰ মাথাত লগাই লোৱা লাইটৰ পোহৰত অভিযানৰ শেষ পৰ্যায়। গাইদৰ পিছে পিছে খোজে খোজ মিলাই তুচ্ছ মানৱৰ মানসিক শক্তিৰে অভিযান কিলিমাঞ্জাৰ অতিক্ৰম কৰাৰ। শক্তি যেন কম নোহোৱাই হৈ থাকিলে, খোজ যেন থমকিব নোৱাৰে আজি, নাকৰ আৰু মুখৰ চালত বৰফ জমিব লৈছে, পানী খোৱা নলী ডালো বৰফ হৈ পৰিলে কিন্তু মোৰ ভাগৰ আৰু পিয়াহ যেন নোহোৱা হৈ পৰিলে, ৪৮০০ মিটাৰত ষ্টেল্লা পইন্টত মোৰ সতীৰ্থ এজনৰ হৃদস্পন্দন আকস্মিক ভাৱে বাঢ়িব ললে, তেখেতক লৈ গাইড ৰেমি তললৈ উভতিব লগা হ'ল। সেই সময়ত মোৰ শৰীৰত অক্সিজেনৰ পৰিমান আছিলে ৫০%, যি সামান্য পৰিমাণৰ পৰা ২০% কম আছিলে, কিন্তু মোৰ আত্মবিশ্বাস দেখি গাইড ৰেমিয়ে সহায়ক গাইড জচুৱাৰ লগত শিখৰ অভিমুখে আগ বাঢ়িব দিলে। যদিও আত্মবিশ্বাস দৃঢ়, শৰীৰত অক্সিজেনৰ হ্ৰাস হোৱাৰ বাবে প্ৰত্যেকটো খোজে কষ্ট হৈ পৰিছিলে, ১০০ মিটাৰমান আগ বাঢ়ি ১০ মিনিটমান জীৰণি লব লগা হৈ পৰিছিলে, বায়ুমণ্ডল পাতল হৈ পৰা  আৰু তেজত  অক্সিজেনৰ পৰিমান কম হোৱাৰ বাবে দৃশ্যবোৰ পুৱাৰ সূৰ্য্যৰ পোহৰত চমকি উঠিছিলে। লাহে লাহে এই বিশ্ৰামৰ ৩০ মিটাৰমানৰ ব্যৱধানত লব লগা হৈ পৰিছিলে, অক্সিজেন হ্ৰাস পোৱাৰ বাবে ভগৰি পৰিছিলো, মনত কেৱল এটা উদ্দেশ্য আৰু চিন্তা শিখৰ পোৱাৰ। শৰীৰ শক্তিহীন আৰু মোৰ বাবে সহায়ক গাইড আৰু আনজন বন্ধুয়ে প্ৰত্যেকবাৰে ৰখিব লগা হৈ পৰিছিল। এনেকে ৰখিলে অভিযান পলম হয় আৰু পলম হ'লে সফলতা ক্ষীন হৈ পৰে। তথাপিও ৫ আগষ্ট ২০১৭ চনৰ পুৱতি নিশা ৪৩০০ মিটাৰত অৱস্থিত কিব হাটৰ পৰা আৰম্ভ কৰা যাত্ৰা পুৱা ৭ঃ৩০ বজাত ৫৮৯৫ মিটাৰত উহুৰু শিখৰত সমাপ্ত হ'ল। সহায়ক গাইড জচুৱা আৰু এজন যুক্তৰাষ্ট্ৰ সহযাত্ৰীক লৈ শিখৰত ১৫ মিনিটমান কতাই (এই উচ্চতাত বতৰ আৰু বায়ুমণ্ডল শৰীৰৰ বাবে অনুকূল নহয়) আকৌ তলতৈ নামিবলৈ খোজ আগবঢ়ালো, সফলতাই যেন শেষ এটা শক্তিৰ জোঁৱাৰ  আনি দিলে। ০৯০০ বজাত ৪৬০০ মিটাৰত ৰখি আছিলে মোৰ বাবে অক্সিজেন বটল লৈ এজন কুলি, তেখেতক কিব' হাট কেম্পৰ পৰা গাইড ৰেমিয়ে মোৰ বাবে পঠাইছিলে, কিন্তু সেয়া দৰকাৰ নপৰিলে, পলমকৈ হ'লেও, ১১৩০ মানত আমি কিব' হাট আহি পালো। তাতে খাদ্য গ্ৰহণ কৰি অসুস্থ সহযাত্ৰীজনক লৈ আমি কিব' হাটৰ পৰা হৰ'ম্ব' হাটলৈ আগ বাঢ়িলো, তেখেতৰ শৰীৰৰ লক্ষণ সমান্য আছিলে যদিও সেই পৰিবেশত গাইড আৰু সহায়কে কোনো সংকোচ নকৰি তেখেতক এম্বুলেঞ্চ যোগে নামনিলৈ প্ৰেৰণ কৰিবলৈ নিৰ্ণয় ললে, আৰু আমিও সেই সুযোগতে এম্বুলেঞ্চত মাৰাঙ্গু নামনিলৈ ঘুৰি আহিলো। নামনিত আমাক সফলতাৰ প্ৰমান পত্ৰ দিয়া হ'ল, ৫ আগষ্ট ২০১৭ ০৭৩০ বজাত স্বাধীনতাৰ শিখৰত ভৰি দিয়া বুলি। এই অভিযান মাৰাত্মক নাছিলে যদি ই বাকি বিশাল মহাকায় পৰ্বতৰ আভাষ দিলে। 

No comments:

Post a Comment

THEY THINK LIKE ME

free counters