যাত্ৰা আৰু পৰ্য্যটন, দুটাৰ মাজত পাৰ্থক্য মইও জনা নাছিলো। পৰ্যটন হৈছে মনোৰঞ্জনৰ বাবে কৰা ভ্ৰমন আৰু যাত্ৰা, ভ্ৰমন হ'লেও তাত বহুত অভিজ্ঞতা অৰ্জন কৰা হয়। কেৱল আনে কোৱা, সাহিত্য-বাতৰি কাকতৰ লিখনি বা সুন্দৰ ফটোবোৰ দেখি কৰিব গ'লে নিজৰ মনৰ সন্তুষ্টিৰে ভ্ৰমনৰ আনন্দ লব নোৱৰি। পশ্চিমৰ মানুহে সদায়ে পূৰ্ব দিশৰ দেশৰ সাংস্কৃতিৰ খুব আনন্দ লোৱা দেখা যায় আৰু পূৰ্ব দেশৰ মানুহ পশ্চিমৰ দেশলৈ মনোৰঞ্জন ভ্ৰমন কৰিব গৈ তাৰ চৰ্চা কৰে। কিন্তু নিজৰ মনে ভ্ৰমনত কি বিচাৰে সেইটো নিজৰ অনুসন্ধানৰ ভিত্তিত হ'ব লাগে আৰু সেই হিচাবে ভ্ৰমন কৰিব লাগে। ঠিক এনে এক ভ্ৰমন আছিলে মোৰ ব্ৰহ্ম দেশ, ম্যানমাৰলৈ। ম্যানমাৰৰ ভিজা পোৱা তেনেই সহজ, শুদ্ধকৈ ইন্তাৰনেট যোগেদি https://evisa.moip.gov.mm/ NewApplication.aspx
১২ ঘন্টাত ই মেইল যোগেদি পোৱা যায়, মাচুল হৈছে ৫০ ডলাৰ।ভিজা লৈ ৫ দিনীয়া সূচিৰে মই পুৱাৰ ৮ বজাত ৰেঙ্গুন ৰাজধানীত অৱতৰণ কৰিলো। ম্যানমাৰৰ বিষয়ে ইন্টাৰনেটত বেছি উপদেশ নাপায়, মানে বাট পথ, ঠাইবোৰৰ কোনো বিশেষ উল্লেখ নাই। যি কোনো এয়াৰপৰ্টৰ পৰা ওলাই গ'লে যি দৰে টেক্সি আদি ৰখি থাকে ঠিক তেনেদৰে ৰেঙ্গনৰ মিংগালাডন অন্তৰাষ্ট্ৰীয় বিমানবন্দৰটো দৃশ্য প্ৰায়ে একে আছিলে। মই টেক্সি চালকে সুযোগ লয় বুলি অলপ সময় বিমান বন্দৰতে কতাই ৪০০ ডলাৰৰ ক্যাট(ম্যানমাৰ মুদ্ৰা) ক্ৰয় কৰিলো। ১ ডলাৰ প্ৰায়ে ১৪০০ ক্যাট। ক্যাট লিখাতহে, তাৰ জনসাধাৰণৰ উচ্ছাৰণ আকৌ চাট্চ। অলপ বিমান বন্দৰৰ ইফালে সিফালে খোজ কাঢ়ি গম পালো চহৰলৈ বুলি এখন বাছও আছে, মাত্ৰ ৫০০ ক্যাটত(টেক্সিত আকৌ ১৫০০০ ক্যাট), এই বাছ ধৰি মই পালোগৈ চুলে পাগ'ডা, যি চহৰ এটা কেন্দ্ৰীয় স্থান, আৰু তাতে আছিলে মোৰ ৰেঙ্গুনৰ প্ৰথম আশ্ৰয় বেগপেকাৰ, বেড এন্ড ব্ৰেকফাষ্ট, যাযাবৰৰ বাবে হোষ্টেল। তাত গৈ মই হোষ্টেলৰ সম্পাদনা থকা মহিলা গৰাকীক জনালো যে মোক কোঠা বা বিছনাৰ প্ৰয়োজন নাই, ভাড়া নিচেই কম আছিলে যদিও সেই ৰাতিয়ে নৈশ বাছ আছিলে বাবে শুই বা আৰাম কৰি সময় কতাব মন নাছিলে। তেখেতৰ উদাৰতা যে মই ভাড়া দিব নালাগিলে আৰু মোক স্নানৰ সুবিধাও কৰি দিলে। দিনটো ৰেঙ্গুনৰ উল্লেখযোগ্য ঠাই যেনে শ্বেডাগন পাগডা, কান্ডাগ্যী পুখুৰী আৰু বজাৰ সমুহ খোজ কাঢ়ি ফুৰি ৰাতিৰ নৈশ বাছ আস্থান আউং মিংগালাৰ বাছ আস্থান পালোহি, বাছ আস্থানটো পিছে চহৰৰ বাহিৰত কিন্তু বিমান বন্দৰৰ পিছ ফালেই( বিমান অৱতৰণৰ সময়ত লক্ষ্য কৰিলে দেখা পায়)। একেবাৰে সহজ সৰল বাছ আস্থান। বাছ আছিলে জে জে বাছ কোম্পানীৰ, ম্যানমাৰত উৎকৃষ্ট মানৰ বাছ সেৱা আৰু প্ৰায় বিদেশীসকলে ব্যৱহাৰ কৰে। ১৫ নে ২০ ডলাৰত গোতেই ৰাতিটো ভ্ৰমন কৰিলো পুৱা উলালোগৈ মান্ডালেই ৰাজ্যৰ বাগান নগৰ। বাগানত সূৰ্য্য উদয় বৰ সুন্দৰ আৰু পৰিবেশ যেন আজিৰ পৰা ৫০ বছৰমান আগৰ, বাট পথ নিচেই সৰু আৰু গৰু গাড়ী সকলো ফালেই, কিন্তু গৰমৰ দিনত আমাৰ অসমৰে নিচিনা চিপ চিপ গৰম। বাগানত পৰ্যটকে ২০ ডলাৰ প্ৰবেশৰ মূল দিব লাগে, মোৰ বাবে সেইটো বহু বেছি আছিলে, কাৰন মই এদিনৰ সূচীত বাগান গৈছিলো। অলপ বুদ্ধি লগাই এজন টেক্সী চালকক বাছ আস্থানতে লগ কৰি সুৰ্য্য উদয় বেলেগ এফালে বুলি লৈ গ'লো পথতে দাম দৰ কৰিলো যে ৪৫ ডলাৰ গোতেই বাগান দৰ্শন কৰাব দিনটো আৰু এই মাচুলটো দিব নলগাকৈ মোক ফুৰাব (কবলৈ গ'লে বিদেশত আইনৰ উলংঘন)। দিনটো বাগাৰ বিশিষ্ট পাগ'ডা সমুহৰ দৰ্শন কৰিলো, দুপৰীয়া ইৰাৱদী নদীৰ শীতল বতাহৰ আনন্দ ল'লো আৰু আৱেলি ইৰাৱদী নদীতে নাওৰে সূৰ্যাস্ত উপভোগ কৰি আকৌ বাছ আস্থানলৈ আহিলো। এয়া মোৰ দ্বিতীয় নিশা হ'ব নৈশ বাছত(সেই জে জে বাচ কোম্পানীৰ) শুই ভ্ৰমন কৰা আৰু আকৌ এখন চেন ৰাজ্যৰ নগৰ ন্যউং শ্বে লৈ। ন্যউং শ্বে হৈছে, ইন্লে জলাশয়ৰ কাষত অৱস্থিত, আমাৰ চান্ডুবীৰ নিচিনা কিন্তু সহজ সৰল, কম জনসংখ্যা। ৰাতিপুৱা গৈ ওলালো মোৰ নেউং শ্বেৰ ঠিকনাত, চং অফ ড্যা ট্ৰেভেল হোষ্টেলত। শীতল বতৰ আৰু হোষ্টেলে দিয়া চাইকেল লৈ ওচৰৰ থেট ইয়েন গূ বৌধ ধৰ্মৰ গুহা মন্দিৰ এটালৈ উলালো, ঘুৰি আহি উপবাস ভঙ্গ আহাৰ খাই অলপ জীৰণি ল'লো (কাৰন দুই ৰাতি বাছত ভালকৈ শুৱা হোৱা নাছিলে)। আৱেলি আকৌ চাইকেল লৈ ওলালো পুখুৰীৰ আশেপাশে থকা ঠাইবোৰলৈ বুলি। প্ৰায় ২০ কিলোমিটাৰমান চাইকেলেৰে অতিক্ৰম কৰি গাওঁ বোৰৰ পৰিবেশ, খাদ্য উপভোগ কৰিলো। সেই সন্ধিয়া হোষ্টেলৰ চাটতে ৰাতিৰ আহাৰ আৰু তাতে কাম কৰা লোকসকলৰ লগতে কথা পাতি কতালো। পিছ দিনা ৰাতিপুৱাই আছিলে মোৰ জলাশয়ত ভতভতিৰে যাত্ৰা, কাৰন এই জলাশয়ত মাজ মজিয়াতে বহু কাৰিকৰী গাওঁ আছে, এই গাওবোৰে নাৱৰ পৰা, চিগাৰ, গহনা, পোচাক ইত্যাদি চব বনাই । জলাশয়ৰ শীতল বতাহ আৰু নাৱৰ যাত্ৰা কৰি দিনটো পাৰ কৰি সন্ধিয়া আকৌ বাছ আস্থান পালোহি, ৰেঙ্গুনলৈ উভতিবলৈ বাছ ধৰিবলৈ। ৰাতিপুৱা উপস্থিত হ'লো ৰেঙ্গুনত, বতৰ মাজে মাজে বেয়া আছিলে, আকৌ সেই বিনামূলীয়া আৱাসলৈ গ'লো (কিন্তু খোৱা বোৱা তাতে ক্ৰয় কৰিছিলো) টোপোলাটো পেলাই বজাৰবোৰলৈ গ'লো, এইবাৰ আকৌ কিবা কিবি সৰু সুৰা কিনিবলৈ, পিছে ৪০০ ডলাৰৰ কেৱল ২০০ হে খৰচ হ'ল গোতেই যাত্ৰাত, তাৰে ২০০ ডলাৰ মূদ্ৰালৈ আকৌ সলনি কৰি ল'লো আন এখন দেশলৈ বুলি। পিছ দিনাৰ পুৱাতে বিমান আছিলে, আৰু বন্দৰৰ পৰা চহৰ দূৰৈত বুলি সন্ধিয়া বিমান বন্দৰলৈ বুলি উলালো, শেষ ৰাতিটো বিমান বন্দৰতে কতালো। ৫ দিনীয়া এই যাত্ৰাই ব্ৰহ্ম দেশৰ সভ্যতাৰ এটা থুলমূল আভাস দিলে। চহৰৰ নক্সা, মানুহৰ চিন্তা ধাৰণা, ব্যৱসায় বাণিজ্য ইত্যাদি।
No comments:
Post a Comment